ওদালগুৰিঃ অসমৰ ক্ৰীড়া জগতৰ উৎকৃষ্ট সাধনৰ লক্ষ্যৰে বিগত বৰ্ষৰ দৰে এইবাৰো ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰয়াত মানস প্ৰতীম দাস সোৱৰণী সদৌ অসম ভিত্তিত এখন দিবা নৈশ পাতল টেনিচ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 

আগন্তুক ২ ফেব্ৰুৱাৰীৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিযোগিতাখনৰ কাৰ্যসূচী অনুসৰি ২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত আছুৰ পতাকা উত্তোলন কৰিব ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ এছ কাশ্যপে, পুৱা ১০:৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰে। দিনৰ ১১ বজাত প্ৰয়াত মানস প্ৰতীম দাস, দীপাঙ্কৰ তালুকদাৰ, শুধাংশু বৈশ্য, জিতু কটকী, মিণ্টু বৰ্মণ, জ্যোতিষ দাস, উইলিংষ্টোন বসুমতাৰী আৰু গৌতম বৈশ্যৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি জিতু কুমাৰ শ‌ইকীয়াই।

দিনৰ ১২ বজাত প্ৰথমখন খেল উদ্বোধন কৰিব ওদালগুৰি নগৰ সমিতিৰ সভাপতি ৰিপেন দৈমাৰীয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়া, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা। 

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী। আনহাতে, ৪ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাত অনুষ্ঠিত কৰা হ’ব প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ৰ খেল৷  

উক্ত চূড়ান্ত খেলৰ বিজয়ী দললৈ প্ৰয়াত মানস প্ৰতীম দাসৰ সোঁৱৰণত পৰিয়ালবৰ্গ‌ই নগদ ৩০ হাজাৰ টকাসহ চলন্ত ট্ৰফী প্ৰদান কৰিব। আবেলি ৩ বজাত বঁটা বিতৰণী সভাত উপস্থিত থাকিব আছঙৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় বিতোপন দাস, অৰূপ কলিতাৰ লগতে ওদালগুৰি আৰু দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকসকল। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ বিজয়ী দলক ১৫ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হ’ব।

আনহাতে, প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ মাচুল ১৫৯৯ টকা। সৱিশেষ জানিবলৈ ৮৬৩৮৫০৪৩০৫, ৯৮৫৪৪০২২৮৮ অথবা ৮৬৩৮৬৫২৯৪৬ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে খেল পৰিচালনা সমিতিয়ে।