102
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অত্যন্ত শোচনীয় ফলাফল দেখুৱা বিশ্বনাথৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষকৰ অসভ্যালিয়ে শুকুৰবাৰে লজ্জানত কৰিছে বিশ্বনাথৰ শিক্ষক সমাজক।
নিজ বিদ্যালয়ৰ শোচনীয় ফলাফল প্ৰদৰ্শন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত হতাশাত ভোগা শিক্ষকগৰাকীয়ে নিজৰ দুৰ্বলতা ঢাকিবলৈ আক্ৰমনৰ লক্ষ্য কৰি লয় এগৰাকী মহিলা সাংবাদিকসহ সংবাদকৰ্মীসকলক।