newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ ঘৰৰ ভিতৰে বাহিৰে প্ৰতিদিনে ধৰ্ষণৰ বলি হৈ আহিছে কেঁচুৱাৰ পৰা বৃদ্ধালৈ সকলো বয়সৰ নাৰী৷ আনকি বিদ্যালয়ত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক, প্ৰধানশিক্ষকৰ লালসাৰ পৰাও বাদ পৰি নযোৱা হৈছে নাবালিকা ছাত্ৰীসকল৷ যাৰ ফলত সকলো দিশতে এতিয়া নাৰীয়ে নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷
বিদ্যালয়ৰ অধ্যক্ষ সহ মুঠ ১৮ জনৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে৷ বিহাৰৰ চাৰানৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে লিখিত অভিযোগ জনাই কয় যে বিগত ৮ মাহ ধৰি একাধিকবাৰ তেওঁক ধৰ্ষণ কৰা হৈছে৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষ, দুজন শিক্ষকৰ লগতে বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, লোকলজ্জাৰ ভয়ত ছাত্ৰীগৰাকীয়ে অতদিন ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পৰা নাছিল বুলিও কয়৷