Home দেশহায় বিহাৰ! বিশ্ববিদ্যালয়ৰ পৰীক্ষাত এশৰ ভিতৰত ২৫৭ নম্বৰ লাভ ছাত্ৰীৰ

হায় বিহাৰ! বিশ্ববিদ্যালয়ৰ পৰীক্ষাত এশৰ ভিতৰত ২৫৭ নম্বৰ লাভ ছাত্ৰীৰ

by News Next One
A+A-
Reset

পাটনাঃ বিহাৰৰ বাবাচাহেব ভীমৰাও আম্বেদকৰ বিশ্ববিদ্যালয়ত পি জি তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষাৰ ফলাফলত ডাঙৰ ভুল ধৰা পৰিছে।

মুজাফৰপুৰৰ আৰডিএছ কলেজৰ এগৰাকী হিন্দীৰ ছাত্ৰীয়ে ১০০ নম্বৰৰ পৰীক্ষাত ২৫৭ নম্বৰ আৰু ৩০ নম্বৰৰ প্ৰেকটিকেলত ২২৫ নম্বৰ লাভ কৰিছে, তথাপিও তেওঁ উত্তীৰ্ণ হোৱা নাই।

এই ভুলৰ বাবে শতাধিক ছাত্ৰ-ছাত্ৰীৰ ফলাফল পেণ্ডিং হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় আৰু কলেজৰ ভুলৰ বাবে তেওঁলোকৰ ফলাফলৰ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰে।

তেওঁলোকে এই ভুল সংশোধনৰ বাবে বিশ্ববিদ্যালয়ৰ কাৰ্যালয়লৈ বাৰে বাৰে অহা-যোৱা কৰিবলগীয়া হৈছে।

বিশ্ববিদ্যালয়ৰ বিষয়া ৰামকুমাৰে জনোৱা মতে, কিছুমান বিভাগৰ পৰা ইন্টাৰনেল নম্বৰ নহাৰ বাবে ফলাফল পেণ্ডিং হৈছে আৰু এই ভুলৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এক্সত এই ঘটনাই ব্যাপক চৰ্চাৰ লাভ কৰিছে আৰু বহুতে বিহাৰৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ সমালোচনা কৰিছে। 

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0