59
ডিফুঃ কাৰ্বি আংলং জিলাবাসীৰ বাবে বিহুক বিহ কৰি তুলিলে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। এই অভিযোগ হিলছ ট্ৰাইবেল লীগ চমুকৈ এইছ টি এলৰ।
আজি বিয়লি কাৰ্বি লামেত আমেইৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি চেতিয়াৰ মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰে এইছ টি এলৰ নেতৃত্বই।