সৰভোগঃ সমগ্ৰ দেশতে খলকনি সৃষ্টি কৰা, এছ এছ ৰাজমৌলি পৰিচালিত বাহুৱলী-২। ৪৫০ কৌটি টকা ব্যায় সাপেক্ষে নিৰ্মিত, এই ছুপাৰ-দুপাৰ হিট চিনেমাখনৰ নিৰ্মাণৰ লগত জড়িত হৈ আছে অসম সন্তান, বৰপেটা জিলাৰ সৰভোগ নগৰৰ কলিতাপাৰা গাঁৱৰ বিজু দাস।
কাটাপ্পাই বাহুবলীক হত্যা কৰা ৰহস্যঘন দৃশ্যৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো দৃশ্যকে এনিমেশ্যন আৰু স্পেচিয়েল ইফেক্টছৰ জৰিয়তে জীৱন্ত ৰূপ দিছে সৰভোগৰ বিজু দাসে। বিজুৰ এই এনিমেশ্যন আৰু ইফেক্টছে দেশৰ লগতে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ বিশ্বৰ।