90
ডিজিটেল ডেস্কঃ মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে ভূ-স্বৰ্গ কাশ্মীৰ। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ আৰু বিচ্ছিন্নতাবাদীৰ কূটাঘাটৰ লগতে সেনাৰ অভিযানত বিগত সময়ছোৱাত ৰাজ্যখনত অকালতে প্ৰাণ হেৰুৱাইছে সহস্ৰাধিকে৷
পৰিসংখ্যা অনুযায়ী বিগত ২৭ বছৰত ৰাজ্যখনৰ হত্যা-হিংসাত মৃত্যু হৈছে অতি কমেও ৪০ হাজাৰ লোকৰ৷ ৰাজ্যখনৰ গৃহ বিভাগে প্ৰকাশ কৰিছে এই তথ্য৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে প্ৰকাশ পাইছে এই মৰ্মান্তিক তথ্য৷