গুৱাহাটীঃ বজাৰত দুচকীয়া বাহনৰ উজান উঠিছে। ম’বাইলতকৈও কম দামত বিক্ৰী হৈছে দুচকীয়া বাহন। গুৱাহাটীৰ ৰাজপথৰ দাঁতিত য’তেই দুচকীয়াৰ শ্ব’ৰুম, তাতেই লানি নিচিগা গ্ৰাহকৰ ভিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হয়, আপুনি যদি ম’বাইল এটাৰ দামতে দুচকীয়া বাহন এখনৰ গৰাকী হ’বলৈ খুজিছে, তেন্তে ইয়াতকৈ সুৱৰ্ণ সুযোগ পুজা-বিহুৰ সময়তো হয়তো নাপাব। কিয়নো ২২ হাজাৰ টকালৈ ৰেহাই দিয়া হৈছে দুচকীয়া বাহনত।
দেশত বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ বিষয়োটোত কোনো কাৰণতে আপোচ নকৰা উচ্চতম ন্যায়ালয়ে অৱশেষত বাহন নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই দেশজুৰি বাহন নিৰ্মাণকাৰী কোম্পানীবিলাকে এপ্ৰিলৰ প্ৰথম তাৰিখৰপৰা ভাৰত ষ্টেজ ৩ৰ বাহন বিক্ৰী কৰিব নোৱাৰিব। সেয়ে ষ্টক খালি কৰাৰ বাবে উঠি-পৰি লাগিছে কোম্পানীবোৰ। লোভনীয় ৰেহাই মূল্যত বিক্ৰী কৰা হৈছে বাহনবোৰ।