Home ক্ৰীড়ামইনাগুৰি ক্লাব চূড়ান্ত বিজয়ী

মইনাগুৰি ক্লাব চূড়ান্ত বিজয়ী

by News Desk
A+A-
Reset
nno

বিলাসীপাৰাঃ শালকোচা স্পৰ্টছ ক্লাবৰ সৌজন্যত আন বছৰৰ দৰে এইবাৰো শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা যোৱা ২১ অক্টোবৰৰপৰা আৰম্ভ হয়। আজি আবেলি ৩ বজাৰপৰা চূড়ান্ত খেলখন অনুষ্ঠিত হয়। খেলখনত শালকোচা স্পৰ্টছ ক্লাবৰ সভাপতি বিটুল বৰ্মন, সম্পাদক দিবাকৰ বৰ্মন, উপদেষ্টামণ্ডলী ক্ৰমে সিতুমনি বৰ্মন আৰু ভাস্কৰ সিংহ আৰু বিলাসীপাৰা পূব যুৱ কংগ্ৰেছ কমিটীৰ উপসভাপতি জিয়াউল ইছলাম উপস্থিত থাকে। আজিৰ এই চূড়ান্ত খেলখন মইনাগুৰি হাপা পাৰা ক্লাব আৰু জয় মা কালী ইছলামাৰী ক্লাবৰ মাজত অনুষ্ঠিত হয়। মইনাগুৰি ক্লাবে জয় মা কালী ক্লাবক ৪-০ গলত পৰাস্ত কৰি বিজয়ী হয়। হাজাৰ হাজাৰ জনতাই শৃংখলাবদ্ধভাৱে আজিৰ খেল উপভোগ কৰে। ফুটবল খেলখনৰ প্ৰথম ট্ৰফীটো আগবঢ়ায় বিশিষ্ট খেলুৱৈ স্বৰ্গীয় বেনুমাধৱ বৰুৱাৰ পূৰ্ণ স্মৃতিত তেওঁৰ ভগ্নী প্ৰণিতা বৰুৱা আৰু পৰিয়ালবৰ্গই। বিজয়ী দলটোক ৫,০০০ টকা নগদ পুৰস্কাৰ লগতে ট্ৰফী আৰু দ্বিতীয় স্থান লাভ কৰা খেলুৱৈ দলক ৩০০০ টকা নগদ পুৰস্কাৰ লগতে ট্ৰফী প্ৰদান কৰা হয়। উক্ত ফুটবল খেলখনৰ বটাঁ বিতৰণী সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক  অমৃত বাদস।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0