জহিৰুল ইচলাম, বিলাসীপাৰাঃ বিজেপি চৰকাৰখনে দুৰ্নীতি নিৰ্মূল কৰাৰ পৰিপ্ৰেক্ষিতত যিমানেই ডাক ঢোল বজাই ৰাখিবলৈ চেষ্টা কৰক বা কিয় ? একাংশ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ ফালে বাৰংবাৰ হাত উজান দি আহিছে বুলি তাৰ জলন্ত উদাহৰণ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নায়েৰ আলগা তৃতীয় খণ্ড গাঁওৰ ৯২ নন্বৰ অংগনাবাড়ী কেন্দ্ৰটো বিগত ৬ (ছয়) বছৰ ধৰি তলা বন্ধ, নাই একো পাঠদান, নাই কোনো খাদ্যৰ চিহ্ন ছাপ।
মনকৰিবলগীয়া যে কণ কণ শিশু সকলৰ ভৱিষ্যত জীৱন অন্ধকাৰৰ দিশত ঠেলি দি ঘৰতে বহি থাকি চৰকাৰী দৰমহা ভোগ কৰি আহিছে কেন্দ্ৰটোৰ কৰ্মী মৰ্জিনা খাতুনে। উল্লেখনীয় যে, ইয়াৰ উপৰিও কণ কণ শিশু সকলৰ মুখৰ আহাৰ কেন্দ্ৰটোৰ কৰ্মী মৰ্জিনা খাতুনে নিজেই গ্ৰো-গ্ৰাসে ভক্ষণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ অধিকাংশ ৰাইজে।