13
May
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অধীনস্থ কাজাইকাটা তৃতীয় খণ্ড গাঁওৰ চহৰ আলী ওৰফে বুলু শ্বেখে কৰা হত্যা কাণ্ডক লৈ গাঁওত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷
হত্যাকাৰীৰ বয়স আনুমানিক (৫০) পিতা ৰছিদ মুন্সীক দেওবাৰে নিশা প্ৰায় ১০.৩০ মানত তেওঁৰ গৃহৰ চোতালৰ সন্মুখত দা, কোৰ ডেগাৰেৰে ঘপিয়াই নৃসংসভাৱে হত্যা কৰে।
ঘটনাস্থলীত বিলাসীপাৰা নিৱেশৰ ভাৰপ্ৰাত্ত বিষয়া উপস্থিত হৈ হত্যা কাণ্ডৰ বুজ লয়। বৰ্তমানেও হত্যাকাণ্ডৰ বিষয়ে ৰহস্য হৈ আছে৷ এই সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী ভাৰপ্ৰাত্ত বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেৱা পৰৱৰ্তী সময়তহে স্পষ্টহৈ পৰিব৷