লিডুঃ লিডুত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু মেলাখন উদযাপনৰ প্ৰস্তুতি চলিছে৷ অহা ইং ১৪ আৰু ১৫ মে’ত লিডু বজাৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ১৬ সংখ্যক কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহুমেলা৷ 

বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুমেলাখনৰ প্ৰথম দিনা পুৱা ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পন আৰু ১০ বজাত অনুস্থিত হ’ব বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা৷ সাংস্কৃতিক শোভাযাত্ৰাত মুখ্য আকৰ্ষণ ৰূপে উপস্থিত থাকিব বেহাৰবাৰী আউটপোষ্টৰ মোহময়ী অভিনেত্ৰী "সুস্মিতা" পাৰবিন চুলতানা৷ 

শোভাযাত্ৰাত অংশগ্ৰহন কৰিব ৫০ তাতকৈও অধিক বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল৷ ইফালে, বিয়লি ৩ বজাৰপৰা আৰম্ভ হ’ব বিহু গীত, বিহু নৃত্য, জেং বিহু ইত্যাদি সাংস্কৃতিক প্ৰতিযোগীতা৷  

দ্বিতীয় দিনা পুৱাৰ ভাগত কনীযুঁজ, চিত্ৰাংকন, ৰচনা, গামোছা, পিঠাপনা প্ৰতিযোগীতা অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে নিশা সলিল নেওগ সোঁৱৰনী সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী সুষ্মিতা তৃষাৰে৷ সেয়ে সমূহ লিডুবাসী ৰাইজৰ একান্ত উপস্থিতি কামনা কৰি নিমন্ত্ৰণি শৰাই আগবঢ়াইছে উদ্-যাপন সমিতিৰ সভাপতি বিমল সিং আৰু সম্পাদক কাঞ্চন বৰাই৷