গুৱাহাটীঃ দুই মহিলা সাংবাদিক ৰঞ্জিতা ৰাভা আৰু নিপা কাকতিলৈ আগবঢ়োৱা হৈছে সমাজকৰ্মী বীণা দেৱী সোঁৱৰণী বঁটা। আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ দিনটোতে এই মহিলা সাংবাদিক দুগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়। 

ব্ৰহ্মপুত্ৰ বসন্ত উৎসৱ আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰ-বৰাক ছ’চাইটি অসম, সমাজ-সাংস্কৃতিক সন্থা আৰু অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে এই বঁটা ঘোষণা কৰিছিল।

ব্ৰহ্মপুত্ৰ-বৰাক ছ’চাইটি অসম, সমাজ-সাংস্কৃতিক সন্থা আৰু অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আজিৰ বঁটা প্ৰদান অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত নিজ নিজ কৰ্ম ক্ষেত্ৰৰ পৰা সমাজলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে প্ৰতিবছৰে বীণা দেৱীৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰা হ’ব বুলি ব্ৰহ্মপুত্ৰ বসন্ত উৎসৱৰ সভাপতি কৈলাস শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, আজি বঁটা লাভ কৰা ৰঞ্জিতা ৰাভাই বৰ্তমান ছেটেলাইট নিউজ চেনেল 'প্ৰাগ নিউজ'ত আৰু নিপা কাকতিয়ে 'আমাৰ অসম' কাকতত নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই আছে। সংবাদ সেৱাৰ ভীষণ ব্যস্ততাৰ মাজতে এনেদৰে বঁটা লাভ কৰাত উৎসাহিত হৈ পৰিছে দুয়োগৰাকী উদীয়মান মহিলা সাংবাদিক।