Home ৰাজ্যবিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কি আছে? প্ৰতিবেদনক লৈ কোনে কৰিছে কি ৰাজনীতি?

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কি আছে? প্ৰতিবেদনক লৈ কোনে কৰিছে কি ৰাজনীতি?

by News Desk
A+A-
Reset
biplob-sarma-report

প্ৰতিবেদন নহয়, এয়া যেন এক যাদুকৰী কাগজহে! ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক এতিয়া তেনে ৰূপ দিবলৈকেই উঠি-পৰি লাগিছে চৰকাৰ। পিছে যাদুকৰী কাগজত ফু মাৰিব কোনে? হয়তো এই কথা আগতেই অনুধাৱন কৰিব পাৰিছিল আয়োগে। সেয়ে আয়োগে প্ৰতিবেদনত উল্লেখ কৰা পৰামৰ্শৱলীসমূহ কাৰ্যকৰী কৰিবলৈকো আন এখন কমিটি গঠন কৰাৰ কথা উল্লেখ কৰি গৈছে। এই কমিটিখনক নেতৃত্ব দিব লাগিব উচ্চতম ন্যায়ালয় অথবা উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে। কমিটিখনত সদস্য হিচাপে থাকিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি। এই কমিটিখনে বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শৱলী সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই সেই সম্পৰ্কে চোৱা-চিতা কৰিবলৈ প্ৰতি তিনিমাহৰ মূৰে মূৰে এবাৰ বৈঠকত মিলিত হ’ব লাগিব। প্ৰতিবেদনখনৰ অষ্টম অধ্যায়ৰ একেবাৰে শেষৰফালে এই কথা কোৱা হৈছে। 

পৰামৰ্শৱলীসমূহ নিৰ্ধাৰণ কৰিবলৈকো সময়সীমা নিৰ্ধাৰণ কৰি দিছে আয়োগে। এই অনুযায়ী প্ৰতিবেদনখন জমা দিয়াৰ ২ বছৰৰ ভিতৰত সেইসমূহ কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে বিপ্লৱ শৰ্মা আয়োগে। গুৱাহাটী, ডিফু, তেজপুৰকে আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৩৬ খনকৈ বৈঠক অনুষ্ঠিত কৰি প্ৰায় ১০০ৰো অধিক দল-সংগঠন তথা ২০০ৰো অধিক সাংবিধানিক বিশেষজ্ঞ, চিন্তাবিদ, বুদ্ধিজীৱি, সচেতন নাগৰিকৰে হোৱা আলোচনাৰ অন্তত প্ৰায় ৫৩টাৰো অধিক পৰামৰ্শ আৰু কেবাটাও সিদ্ধান্ত যুগুত কৰি ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত সময়ৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিছিল ১৩ জনীয়া সদস্যৰে গঠিত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় কমিটিখনে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0