গোৰেশ্বৰঃ যিসময়ত বন ধ্বংসৰ ন ন বাতৰিয়ে আমাক শংকিত কৰি আহিছে সেই সময়ত বাগসা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ বৰফুকনখাত গাঁৱৰ এজন লোকে বিশেষ ধৰণেৰে চৰাই সংৰক্ষণেৰে প্ৰকৃতি প্ৰেমীসকললৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। ব্যতিক্ৰমী বিহংগ প্ৰেমী এই লোকজনৰ নাম বিপুল ডেকা। 

বহু বছৰ নীৰৱে প্ৰকৃতিৰ সেয়া আগবঢ়াই অহা ডেকাই নিজ গৃহতে ঘৰচিৰিকাৰ, বুলবুলি, কপৌ, হেতুলুকা আদি চৰাই পোহাৰ যি ব্যৱস্থা আৰু যতন কৰিছে সেয়া নিজ চকুৰে নেদেখিলে বিশ্বাস কৰাটো টান।

চৰাইৰ প্ৰতি থকা প্ৰেমৰ বাবেই ৬০ উৰ্ধৰ বিপুল ডেকাই আজিলৈকে সজা নাই এটি টিনপাতৰ ঘৰ। কিয়নো টিনপাতৰ ঘৰ সাজিলে খেৰীঘৰকেইটা ভাঙি পেলাব লাগিব আৰু খেৰী ঘৰকেইটা ভাঙি পেলালে  আলৈ-আথানি নোহোৱা হ'ব তাত বাহ সাজি থকা শ শ ঘৰচিৰিকাৰ।

চৰাইৰ প্ৰতি থকা প্ৰেমৰ বাবেই ৬০ উৰ্ধৰ বিপুল ডেকাই আজিলৈকে সজা নাই এটি টিনপাতৰ ঘৰ।

বৰ্তমান সময়ত বননি ধ্বংস হৈ অহা আৰু জনসংখ্যা বৃদ্ধিৰ লগতে খেৰৰ ঘৰ নোহোৱা হোৱাত এনে চৰাই বোৰৰ বাসস্থানৰ সমস্যাই দেখা দিছে । চৰাইবোৰৰ এনে সমস্যাৰ কথা ভাবিয়েই আধুনিক জীৱনৰ সা-সুবিধা পাব পৰা টিনপাতৰ পকীঘৰ সজাৰ পৰা বিৰত আছে ডেকা।  

প্ৰচাৰ মাধ্যমৰ পৰা বহু দূৰত থাকি বিপুল ডেকাই নীৰৱে আগবঢ়াই গৈছে প্ৰকৃতিৰ সেৱা। ঘৰচিৰিকাৰ লগতে শালিকী চৰাইৰ বাবে তেওঁ এজোপা নাৰিকলত কৃত্রিম ভাবে সাজি দিছে খোৰোং। এজন সাধাৰণ খেতিয়ক হৈও অসাধাৰণ ব্যক্তিত্বৰ গৰাকী ডেকাই নিজ ঘৰখনৰ লগতে চৌপাশ আটোমটোকাৰিকৈ চৰাইৰ অনুকূলে সাজি ৰখাৰ বাবে এতিয়াও তেওঁৰ চৌহদত শ শ চৰাইৰ কলৰৱ শুনিবলৈ পোৱা যায়।

তেওঁৰ ঘৰৰ কামিনীকাঞ্চনজোপাও উৎসৰ্গা কৰিছে চৰাইৰ বাবে। জোপোহা গছজোপাত আশ্ৰয় লোৱাৰ লগতে খেলি থাকে বুলবুলি আৰু কপৌবোৰে। চোতালত থকা ৰবাব টেঙা জোপাত দিনত জিৰণি লয় চৰাইৰবোৰে।সেয়ে চোতালত ছাঁ পৰিলেও গছজোপা কটাৰ কথা চিন্তা কৰা নাই তেওঁ।

এতিয়াও তেওঁৰ ঘৰত প্ৰায় দুই সহস্ৰাধিক চৰাইয়ে আশ্ৰয় গ্ৰহণ কৰি আছে। ১৯৮৫ চনৰ পৰাই এনেদৰে চৰাইৰ সৈতে সহাৱস্থান কৰি আহিছে প্ৰকৃতি প্ৰেমী ডেকাৰ লগতে তেওঁৰ পৰিয়ালে। এসময়ত চিকাৰ কৰি ফুৰাৰ চখ থকা ডেকাৰ শেহতীয়া প্ৰকৃতি প্ৰেমৰ নিদৰ্শনে সকলোকে আচৰিত কৰি তুলিছে। বিশেষকৈ ব্যক্তিগত ভাবে চৰাই সংৰক্ষণত ডেকাৰ যি অৰিহণা সেয়া সমগ্ৰ ৰাজ্যতে বিৰল হিচাপে বিবেচিত হৈছে।

চৰাইৰ বাবে লোকজনে কি যে কৰা নাই! মধুৰীআমৰ বাগান পাতিছে কেৱল চৰাইৰ খাদ্যৰ কথা চিন্তা কৰি । লগতে বগৰী, আম, জলফাই আদি ফলৰ গছেৰে ভৰাই ৰাখিছে তেওঁৰ চৌপাশ। অশোক, কামিনীকাঞ্চন, চাইনীজ প্লাম, পাতবাহাৰ, কৰবী ফুল, ইউকেলিপটাছ, গমাৰি, কুঁজী থেকেৰা, ইৰিকাপাম, ফাৰখেৰিয়া আদি বিৰল গছ-গছনিৰে ঘৰৰ চৌহদ এক কথাত ক'বলৈ গ'লে বৃন্দাবন সদৃশ কৰি ৰাখিছে বিপুল ডেকাই।

ডেকাৰ এনে প্ৰকৃতি সংৰক্ষণৰ নিস্বাৰ্থ কৰ্ম স্বীকৃতি পোৱাৰ যোগ্য বুলি মত প্ৰকাশ কৰিছে সচেতন নাগৰিকৰ লগতে জিলাখনৰ কেবাটাও প্ৰকৃতি প্ৰেমী সংগঠনে। বিপুল ডেকাৰ  আদৰ্শৰে প্ৰকৃতিপ্ৰেমী প্ৰতিজন লোকে এনেদৰে চৰাই সংৰক্ষণ কৰিলেহে হয়তো ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হৈ থাকিব আমাৰ আপোন পৃথিৱীখন।