ডিজিটেল ডেস্কঃ সাধাৰণ মানুহে দৌৰে দেৱী লক্ষ্মীৰ পিছত কিন্তু সু প্ৰসন্ন লক্ষ্মীৰ কৃপা যেন বিৰাটৰ ওপৰতহে ৷ দেশৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ জীৱনত যেন কৃতিত্বৰ সোত বৈছে। যেন সুখে ঘৰ পাতিছে। এটাৰ পিছত এটাকৈ ক্ৰিকেটৰ অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ ভাৰতীয় দলৰ অধিনায়ক গৰাকীৰ দৰ বাঢ়িছে ছচিয়েল মিডিয়াত৷
ছচিয়েল মিডিয়াত জনপ্ৰিয়তা বঢ়াৰ লগে লগে বিজ্ঞাপন জগতটো কদৰ বাঢ়িছে বিৰাটৰ৷ তেওঁৰ ইনষ্টাগ্ৰামত ডেৰ কোটি, টুইটাৰত দুই কোটি আৰু ফেচবুকত তিনি কোটি ষাঠি লাখ অনুৰাগী আছে৷ সেই কাৰণতেই ছচিয়েল মিডিয়াত এটা মাথো পোষ্ট কৰাৰ বাবদ অধিনায়কগৰাকীয়ে লাভ কৰে তিনি কোটি বিশ লাখ টকা৷