আজাৰাঃ গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশৰ জলাহভূমি দীপৰ বিলত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল দীপৰ বিল মহোৎসৱ৷ ২০০২ চনত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰাৰ লগতে বাৰ্ড লাইফ ইণ্টাৰনেছনেলে দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে৷ এই দীপৰ বিলতে শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে দীপৰ বিল মহোৎসৱ।
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা দ্বীপৰ বিল মহোৎসৱ মুকলি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। মহোৎসৱৰ লগত সংগতি ৰাখি এক বাৰেৰহনীয়া জনজাতীয় কৃষ্টি সংস্কৃতিৰ শোভাযাত্ৰা উলিওৱা হয়৷ ঐতিহাসিক দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাক লক্ষ্য ৰাখি ৯-১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দীপৰ বিল মহোৎসৱৰ প্ৰথম দিনটোতে নানা, কৃষ্টি-সংস্কৃতি, নৃত্য-গীতেৰে উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হয় দীপৰ বিলৰ পাৰত।