কোকৰাঝাৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়তকৈ সাংসদ নৱ কুমাৰ শৰণীয়া বেছি ভয়ানক। উচ্চ ন্যায়ালয়ৰ ৰায়দানে কাকো ক্ষতি নকৰ কিন্তু সাংসদ নৱ কুমাৰ শৰণীয়াই ক্ষতি কৰিব। গতিকে নৱ কুমাৰ শৰণীয়াৰ পৰা সাৱধান হ’ব লাগে। এই মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চিকনাঝাৰ টাইকোৱানডো জিমনেচিয়ামত আজিৰে পৰা সদৌ বড়োলেণ্ড টাইকোৱানডো এচোচিয়েচনৰ ৰূপালী জয়ন্তী আৰু প্ৰতিযোগিতা উপলক্ষে পতাকা উত্তোলন কৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে। সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াক দুইনম্বৰী আৰু মিছলীয়া আখ্যা দি সমাজ, জাতিৰ মাজত বিভাজন অনাটোৱেই তেওঁৰ কাম বুলি মন্তব্য কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ অৰ্হতাসম্পন্ন তথা সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠীসমুহ শংকিত হোৱাৰ কাৰণ নাই বুলিও মন্তব্য কৰে তেওঁ।