♦ ৩০জনকৈ মৃতকক সুঁৱৰি উচুপি উঠিল অঞ্চলবাসী

বিশ্বনাথ চাৰিআলিঃ আজিৰপৰা চাৰি বছৰ পূৰ্বে অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীত কুখ্যাত ৰক্তপিপাসু সংগঠন এন ডি এফ বি (স)ৰ একাংশ নৰ ৰক্তপিপাসু কেডাৰৰ গুলীত আজিৰ দিনটোতেই নিহত হৈছিল মাতৃদুগ্ধ পূষ্য শিশুৰ লগতে ৩০ জনকৈ লোকৰ ৷

২৩ ডিচেম্বৰৰ দিনটো অভিশপ্ত হিচাপে বিবেচিত হৈছিল সমগ্ৰ ৰাজ্যৰ বাবে৷ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (স)য়ে কোকোৰাঝাৰ, ঢেকিয়াজুলি আৰু বিশ্বনাথত চলাইছিল নৰসংহাৰ৷ বিশ্বনাথৰ ফুলাবাৰীত ৩০ জনকৈ নিৰিহ লোকক হত্যা কৰিছিল সংগঠনটোৱে৷

এই অভিশপ্ত দিনটোৰ দিনা নিহত সকলৰ স্মৃতিত ফুলাবাৰীত নিৰ্মাণ কৰা স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আবেগিক হৈ পৰিল নিহত সকলৰ আত্মীয়৷ আজিও উপস্থিত থাকিল উক্ত ঘটনাত আঘাতপ্ৰাপ্ত একাংশ৷ সেই অভিশপ্ত নিশাটো সুঁৱৰি অজিও আতংকিত হয় অঞ্চলবাসী৷

ঘটনা সংঘটিত হোৱাৰ পাছতে বহাগৰ কুলিৰ দৰে অঞ্চলটোলৈ আগমন ঘটিছিল কেন্দ্ৰীয় বি জে পি চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিং৷ উপস্থিত হৈ মাৰিছিল ভাষণৰ ফুলজাৰি৷ কিন্তু গৃহমন্ত্ৰীৰ ভাষণৰ ফুলজাৰিতে আৱদ্ধ থাকিল অঞ্চলবাসীৰ ভৱিষ্যত৷

বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসন গেৰুৱা দলৰ৷ পিছে ভাষণ অঞ্চল বাসীৰ বাবে হৈ থাকিল ভেঁকোভাওনা৷

নাপালে কোনো সুবিধা নাপালে কোনো সুৰক্ষা৷ ৰাজ্য চৰকাৰৰ কোনো এজন প্ৰতিনিধিও উপস্থিত নাথাকিল অঞ্চলবাসীৰ এই বিশেষ দিনটোতো৷ যাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ লগতে বিশ্বনাথৰ বিভিন্ন দল-সংগঠনে বিশ্বনাথ জিলা প্ৰশাসন তথা চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

এতিয়া প্ৰশ্ন হৈছে জীৱন ধাৰনৰ মুখ্য সাধনত প্ৰয়োজনীয় সা সুবিধাসমূহৰপৰাও বঞ্চিত এই সকল ৰাইজে প্ৰকৃতাৰ্থত পাবনে আধুনিক জীৱনৰ সোৱাদ? নাৰকীয় ঘটনাৰ মাষ্টাৰমাইণ্ডজনে পাবনে প্ৰকৃতাৰ্থত শাস্তি?