45
বিশ্বনাথ চাৰিআলিঃ আজিৰপৰা চাৰি বছৰ পূৰ্বে অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীত কুখ্যাত ৰক্তপিপাসু সংগঠন এন ডি এফ বি (স)ৰ একাংশ নৰ ৰক্তপিপাসু কেডাৰৰ গুলীত আজিৰ দিনটোতেই নিহত হৈছিল মাতৃদুগ্ধ পূষ্য শিশুৰ লগতে ৩০ জনকৈ লোকৰ ৷
২৩ ডিচেম্বৰৰ দিনটো অভিশপ্ত হিচাপে বিবেচিত হৈছিল সমগ্ৰ ৰাজ্যৰ বাবে৷ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (স)য়ে কোকোৰাঝাৰ, ঢেকিয়াজুলি আৰু বিশ্বনাথত চলাইছিল নৰসংহাৰ৷ বিশ্বনাথৰ ফুলাবাৰীত ৩০ জনকৈ নিৰিহ লোকক হত্যা কৰিছিল সংগঠনটোৱে৷