বিহালীঃ সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্ত আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকক এক তিনি দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে৷ ৰাজ্য যোৰহাট আৰু গোলাঘাট জিলাত চুলাই মদ সেৱন কৰি ইতিমধ্যে ১৬৪ জনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ পিচতেই ছাত্ৰ সংগঠনটোয়ে স্মাৰক পত্ৰ জড়িয়তে উদ্বিগ্নতা প্ৰকাশ কৰি বিহালী বিধান সভা সমষ্টিৰ সকলো অঞ্চলৰপৰা অবৈধ্য সুৰা আৰু চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ দাবী জনায়৷
সংগঠনটোয়ে স্মাৰক পত্ৰ প্ৰদানৰে বিহালীত অবৈধভাৱে গঢ়লৈ উঠা চুলাই মদৰ ভাঁটি আৰু অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ বন্ধ কৰা, বিশ্বনাথ জিলা ব্যাপি মজুত থকা লালীগুড়ৰ গুদাম সমুহ ছীল কৰাৰ দাবী জনোৱাৰ উপৰিও বিশ্বনাথ জিলাৰ অন্তৰ্গত চাহ বাগিছা সমুহৰপৰা অবৈধ সুৰা প্ৰচলন বন্ধ কৰাৰ লগতে বিশ্বনাথ জিলাৰ সাপ্তাহিক বজাৰ সমুহৰপৰা চুলাই মদ বিপনী উচ্ছেদ কৰাৰ দাবী জনায়৷