110
নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান অধিকৃত কাশ্মীৰৰ বালাকোটত থকা জইছ-ই-মহম্মদৰ প্ৰশিক্ষণ ঘাটি ধ্বংস কৰাৰ পাছতে বিদেশ মন্ত্ৰালয়ে এক সংবাদমেল আযোজন কৰে।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিজয় গোখলে সম্বোধন কৰা সংবাদ মেলখনত তেওঁ জনায় যে পাকিস্তানে ২০০৪ চনতে দেশখনৰ মাটি কোনো সন্ত্ৰাসবাদী সংগঠনকে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।