আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি 

বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিৰ ধাৰাবাহিকতা অব্যাহত আছে। গেৰুৱা দলটোৱে নিৰ্বাচনত সদ্য সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ধূলিস্যাৎ কৰি সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৱে সন্তোষজনক ফলাফল লাভ কৰাত উৎফুল্লিত হৈ পৰিছে দলৰ নেতা-কৰ্মী। 

সমান্তৰালভাৱে তেজপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাসক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে বাঘমৰা মণ্ডল  বিজেপিৰ উদ্যোগত জিনজিয়া চেন্টাৰৰ কেন্দ্ৰ বিন্দু জ্যোতিপ্ৰসাদ আগৰৱালা ৰঙ্গ মঞ্চত এক সম্বৰ্দ্ধনা অনুষ্ঠানও বিজয় উৎসৱ অনুষ্ঠান অনুষ্ঠিত হয়। 

বাঘমৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক প্ৰিন্স ভূঞাই আঁতধৰা সভাখনত সভাপতিত্ব কৰে বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি দধিৰাম শৰ্মাই। সম্বৰ্দ্ধনাৰ অন্তত ভাষণ প্ৰসংগত বিহালী সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত সংঘটিত  হোৱা দুৰ্নীতিৰ ফলত উন্নয়ন স্থবিৰ হৈ যোৱা বুলি কয়। লগতে মন্ত্ৰী দত্তই নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাসক বিহালী  বিধানসভা সমষ্টিত দেখা দিয়া সমস্যা সমূহ সমাধান কৰিবলৈও আহবান জনায়। 

ইফালে নৱ- নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাসে বিজেপিৰ সকলো দলীয় নেতা-কৰ্মী তথা পঞ্চায়ত প্ৰতিনিধি সকলক ৰাইজৰ স্বাৰ্থত চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনোৱাৰ লগতে বিপুল ভোটত জয়ী কৰোৱাৰ বাবে সমূহ ভোটাৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।  

এই সম্বৰ্দ্ধনা সভাত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতী, মহিলা মৰ্চাৰ ৰাজ্যিক সদস্যা দীপা ছেত্ৰী, জিলা পৰিষদৰ সদস্য তৰুণ  তাঁতী, অজয় দাস, বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰী শেৱালি শৰ্মা, উদ্যোগী মহিলা স্নিগ্ধা হাজৰিকা, সদানন্দ দত্তকে ধৰি পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে প্ৰায় পাঁচ শতাধিক বিজেপিৰ দলীয় নেতা কৰ্মী উপস্থিত থাকে।