বৰপেটাঃ নামনি অসমৰ বাণিজ্য প্ৰধান চহৰৰ বৰপেটাৰোড পৌৰ সভাৰ হৰিজন চাফাই কৰ্মী আৰু গেং মজদূৰ সকলে সোমবাৰৰপৰা কৰ্ম বিৰতি ধৰ্মঘট কাৰ্য্যসূচী আৰম্ভ কৰে৷ তেওঁলোকৰ ৭ দফীয়া দাবী পূৰণ নকৰিলে এই কৰ্ম বিৰতি ধৰ্মঘট অনিৰ্দিষ্ট কালকৈ চলিব বুলি জানিব পৰা গৈছে৷

তেওঁলোকৰ দাবীসমূহ হৈছে অসম চৰকাৰৰ নির্দেশনা মর্মে দৰমহা দিয়া, পুৰণি চাফাই কর্মী সকলক ৫০০  টকাকৈ ৫ বছৰৰ ইনক্রিমেন্ট দিয়া, পুৰণি চাফাই কর্মীক স্থায়ীকৰণৰ ব্যৱস্থা কৰা, ২০১৮ চনৰ জুন মাহৰ ১ তাৰিখৰপৰা চৰকাৰৰ নির্দেশ মৰ্মে বকেয়া দিয়া, চাফাই কৰ্মচাৰী সকলক বছৰে বছৰে ইনক্রিমেন্ট দিয়া, চাফাই কৰ্মচাৰী সকলক নিযুক্তি পত্ৰ দিয়াৰ ব্যবস্থা কৰা আৰু চাফাই কৰ্মচাৰী সকলক ৬৫ বছৰলৈকে চাকৰিত  বাহাল ৰখা।

উক্ত কৰ্ম বিৰতিৰ ফলত চহৰখনত পেলনীয়া জাৱৰ যোথৰে ভৰি পৰাৰ দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে৷ এই সম্পৰ্কত বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথে আলাপ আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰা হ’ব বুলি জানিবলৈ দিয়ে৷