আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ ৰাজ্যত বিভীষিকা বানৰ সংহাৰী ৰূপ চলি থকাৰ সময়তে বৃহস্পতিবাৰে বিশ্বনাথ পানপুৰ মথাউৰি পৰিদৰ্শন কৰিলে আমছুৱে৷ আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মাহমুদুল হাছানৰ নেতৃত্বত যোৱা সজাতি দলটোৱে পৰিদৰ্শন কৰি কয় যে মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰ দাতিত পৰা জিঅ মেটৰ কাম আজিও সম্পূৰ্ণ নহ’ল ৷
ঠায়ে ঠায়ে এতিয়াও নপৰিল জিঅ মেট৷ দুবছৰে ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ’ মেটৰ কাম৷ ফলত বাঢ়নী পানীয়ে সৃষ্টি কৰা বিভীষিকা বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে মথাউৰিটো৷ ইয়াৰ উপৰিও মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোক সকলৰ জীৱনৰ প্ৰতি আহিছে চৰম ভাবুকি৷