গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনত কেৱল ৰাজ্যখনৰ বিজেপি কৰ্মীৰ মাজতেই নহয়, সাধাৰণ জনতাৰ মাজতো উলাহৰ মাজতে চৰকাৰী কাৰ্যালয়ো হৈ পৰিছে যেন গেৰুৱা দলটোৰ দলীয় কাৰ্যালয়।

তিনিবছৰীয়া বৰ্ষপূৰ্তি পালন কৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ উচাহৰ ৰঙে চৰকাৰী অফিছ-কাছাৰীকো গেৰুৱা কৰিবলৈ নেৰিলে। এনেই এক নীতিবৰ্হিৰ্ভূত দৃশ্য দেখা গ’ল ৰাজ্যখনৰ চৰকাৰী পৰিবহন কাৰ্যালয়ত।

মোদীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰু দায়িত্বত থকা কৰ্ণধাৰ বিজেপি নেতাক আদৰাৰ বাবে সমগ্ৰ গুৱাহাটীকে গেৰুৱা সাজে সজাই তোলা বিজেপিৰ কৰ্মকৰ্তাই কাৰ্যালয়কো বাদ নিদিয়াৰ ফলত বিৰক্তি প্ৰকাশ কৰিছে একাংশ সচেতন নাগৰিকে।

মোদীক আদৰিবলৈ চৰকাৰী কাৰ্য্যলয়ত নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পতাকা উৰুৱাতো কিমান যুক্তি সংগত, তাকে লৈ প্ৰশ্ন কৰিছে কেতবোৰে।

কিয়নো বেটকুছিৰ জিলা পৰিবহন কাৰ্যালয়ত উৰি থকা দেখা গৈছে গেৰুৱা দলটোৰ পতাকা। বিভিন্ন মহলত চৰ্চালৈ আহিছে এই কথা। এয়া নেতৃত্বৰ দুৰ্বলতা নে আইন অমান্য কৰাৰ বেপৰোৱা মনোভাৱ- এই প্ৰশ্ন সচেতন মহলৰ।