ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত বৃদ্ধি পাইছে সাম্প্ৰদায়িক হিংসাৰ ঘটনা৷ একাংশই এনেধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে দায়ী কৰিছে ছ’চিয়েল মিডিয়াক৷ কিয়নো চ’চিয়েল মিডিয়াৰ ফলত দ্ৰুত গতিত বিয়পে ভুৱা খবৰ৷
এইবাৰ খোদ এনে কাৰ্য কৰি গ্ৰেপ্তাৰ হ’ল বিজেপিৰ নেতা৷ তৰুণ সেনগুপ্তা নামৰ পশ্চিমবংগৰ বিজেপিৰ আই টি কোষৰ সচিবজনে ফেচবুকত সাম্প্ৰদায়িক বিদ্বেষৰ ভুৱা ভিডিঅ’ পোষ্ট কৰিছিল৷
চিআইডিয়ে সোনাৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে নেতাজনক৷ বছিৰহাট কাণ্ডৰ পিছতে সমগ্ৰ ৰাজ্যখনৰ ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ দিছে মমতা বেনাৰ্জী নেতৃতাধীন চৰকাৰখনে৷
পোষ্ট কৰা ভিডিঅ’ত নেতাজনে এই বুলি দাবি কৰিছিল যে হনুমান জয়ন্তী পালন কৰাৰ বাবে মমতা বেনাৰ্জীৰ নিৰ্দেশত ভক্তৰ ওপৰত লাঠীচালনা কৰিছে আৰক্ষীৰ৷
পিছত অনুসন্ধানত এই কথা পোহৰলৈ আহে যে এই ভিডিঅ’টো ২০১৪ ত ইউটিউবত আপলোড কৰা হৈছিল৷ উক্ত ভাষ্যৰ লগত কোনো সম্পৰ্ক নাছিল এই ভিডিঅ’ৰ৷ তৰুণ সেনগুপ্তাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে৷