3
ডিজিটেল ডেস্কঃ পঢ়াশালীত অ-আ-ক-খৰ পিছতে শিকা দ্বিতীয়টো কথা আছিল পৃথিৱীখন ঘুৰণীয়া। ই সূৰ্যৰ চাৰিওফালে ঘুৰে। কিন্তু এটা নতুন বাদে বৰ্তমান বিশ্বজুৰী চৰ্চা লাভ কৰিছে। এই নতুন বাদটোৰ মতে পৃথিৱীখন ঘুৰণীয়া নহয়, ডিম্বাকৃতিৰো নহয়- ই চেপেটা।
ইমানতেই বৰ্ণনা শেষ হোৱা নাই। এই নতুন বাদৰ সাধকসকলৰ মতে পৃথিৱীখনক দুয়োফালে চেপেটা বৰফৰ বেৰে ঢাকি ৰাখিছে। তদুপৰি মধ্যাকৰ্ষণ এটি ভুৱা তত্ব বুলিও মত পোষণ কৰিছে এই ন চিন্তাৰ সাধকসকলে।