6
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত বৃদ্ধি পাইছে সাম্প্ৰদায়িক হিংসাৰ ঘটনা৷ একাংশই এনেধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে দায়ী কৰিছে ছ’চিয়েল মিডিয়াক৷ কিয়নো চ’চিয়েল মিডিয়াৰ ফলত দ্ৰুত গতিত বিয়পে ভুৱা খবৰ৷
এইবাৰ খোদ এনে কাৰ্য কৰি গ্ৰেপ্তাৰ হ’ল বিজেপিৰ নেতা৷ তৰুণ সেনগুপ্তা নামৰ পশ্চিমবংগৰ বিজেপিৰ আই টি কোষৰ সচিবজনে ফেচবুকত সাম্প্ৰদায়িক বিদ্বেষৰ ভুৱা ভিডিঅ’ পোষ্ট কৰিছিল৷