newsnextone.com | ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ খ্যাত বিজেপি এতিয়া ক্ষমতাৰ ৰোগত আক্ৰান্ত হৈছে৷ প্ৰতিদিনে এজন নগয় এজন বিজেপি নেতা-মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য অথৱা সমাজ বিৰোধী কাৰ্যকলাপ সংঘটিত কৰি বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈ আহিছে৷ ক্ষমতাই মূৰত ধৰা বিজোপি এতিয়া নিজেই সৰ্বে সৰ্বা বুলি জনতাই অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে৷
মধ্য প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা জগন্নাথ সিং ৰঘুবংশীৰ এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে বিজেপি বিতৰ্কই আকৌ এবাৰ বাতৰিৰ শিৰোনামা দখল কৰে৷ বিজেপিৰ নেতাগৰাকীয়ে বিদ্যুত বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত দেখুওৱা ক্ষমতাই এতিয়া সাধাৰণ জনতাক বিজেপিৰ কৰ্মকাণ্ডৰ সৈতে পুনৰ এবাৰ পৰিচয় কৰাই দিয়ে৷