newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ এবাৰ যুদ্ধ বিৰতি নীতি উলংঘন কৰিছে পাকিস্তানে৷ জন্মু-কাশ্মীৰত ৰমজান মাহ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ভিতৰত যুদ্ধ বিৰতীৰ নিৰ্দেশ দিয়াৰ লগতে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানকো যুদ্ধ বিৰতিৰ বাবে আবেদন জনাইছিল৷
পাকিস্তান চৰকাৰে এই আবেদন স্বীকাৰ কৰি লোৱাৰ পিছতো বিগত প্ৰায় ডেৰ মাহত পাকিস্তানী সেনাই বাৰে বাৰে ভাৰতীয় জোৱানক আৰু এলঅ’চিৰ সীমা কাষৰীয়া অঞ্চলসমূহলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰি আহিছে৷ যাৰ ফলত কেইবাজনো ভাৰতীয় সেনা নিহত হোৱাৰ লগতে কেইবাগৰাকীও নিৰীহ লোক নিহত হৈছে৷