newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পালঘৰ লোকসভা সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেৰি প্ৰাৰ্থী ৰাজেন্দ্ৰ গাৱিতে জয়লাভ কৰিবলৈ সক্ষম হয়৷ গাৱিতে শিৱসেনাৰ প্ৰাৰ্থীক প্ৰায় ৪৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ শেষ হাঁহি মাৰে৷
ইফালে সমষ্টিটোত বিজেপিৰ জয়লাভ পিছতে ৰাজ্যখনৰ বিজেপিৰ মিত্ৰদল শিৱসেনাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে সন্ধিয়া শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই এখন সংবাদ মেল আয়োজন কৰি সাংবাদিক সকলক সম্বোধিত কৰে৷