নলবাৰীঃ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ এখন সভা বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈ যায়৷ সংগঠনটোৰ নলবাৰী জিলাৰ বিষয়ববীয়া তথা মণ্ডল সমিতিৰ সভাপতি সকলৰ উপস্থিতিত সভাখন যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, সাধাৰণ সম্পাদক জয়ন্ত শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য হেমন্ত বৰ্মন সহ কেইবাজনো নেতা উপস্থিত থাকে। সভাত বিজেপিৰ জিলা সভাপতি বনদ্বীপ ডেকাই ৰাজনৈতিক দল এটাক যুৱ শক্তিয়ে বহুত আগবঢ়াই নিব পাৰে বুলি কয়। এতিয়া দলৰ ভাল দিন আহিছে।