ডিজিটেল ডেস্কঃ কোনো হিন্দী চিনেমাৰ দৃশ্য নহয়। সেয়া আছিল বাস্তৱ। চালক নহোৱাকৈয়ে যাত্ৰা আৰম্ভ কৰিলে ট্রেনৰ এটি ইঞ্জিনে। বাইকত উঠি পিছ লৈহে ইঞ্জিন ৰখাবলৈ সক্ষম হ’ল ৰেলৰ চালকজনে৷ ক দুই কিলোমিটাৰ নহয় ৰেল লাইনৰ ওপৰেৰে ১৩ কিলোমিটাৰ বাইক চলাই শেষত চালক নহোৱাকৈ চলি থকা ইঞ্জিনটোক ৰখাবলৈ সক্ষম হয়৷
বুধবাৰে বিয়লি প্ৰায় ৩মান বজাত মহাৰাষ্ট্রৰ ৱাদি জংচন ষ্টেছনত প্ৰৱেশ কৰে চেন্নাই পৰা অহা মুম্বাইগামী ট্রেইনখন। তাতেই ইঞ্জিন সলনি কৰা হয় ট্রেইন খনৰ। বাকি পথচোৱা বিদ্যুত্ সংযোগ নথকাত ইলেকট্রিক ইঞ্জিন সলাই ট্রেইনখনৰ লগত সংযোগ কৰে ডিজেল ইঞ্জিন।