ৰঙিয়াঃ এন্টেনা ঘূৰাই একাংশ লোকে ক'লা-বগা টিভিৰ চেনেল মিলাইছে৷ টিভিৰ পৰ্দাৰ জিল-মিল কৰাত সকলোৰে দুচিন্তা মহাভাৰত চাবলৈ পাব নে নাই৷ কিছু সময় পাছতে মেকানিক আহি টিভিটো খুলি মহাভাৰত চাব পৰা কৰিলে৷ লগে লগে উৎফুল্লিত হৈ পৰে জকাইচুকৰ লোকসকল৷ গাঁওখনত এটাই টিভি৷ তাকো ক'লা- বগা৷

প্ৰতিদিনে দেশ-বিদেশৰ বাতৰি, ৰামায়ণ-মহাভাৰত চাবলৈ জুম পাতে বহু লোকে৷ টিভি থকা ঘৰখন যেন সাহিত্য সভাৰ মঞ্চহে৷ আৱাল, বৃদ্ধ বনিতাৰ মাজত গাঁওখনৰ একমাত্ৰ টিভিটোকলৈ নান কৌতূহল৷ প্ৰতিদিনে অনেক চৰ্চা৷ একাংশই টিভিৰ পৰ্দাত মিঠুনক দেখি মিঠুন হ’ব খোজে৷

টিভি থকা পৰিয়ালটোৰ লোকসকলক গাঁওখনৰ লোকসকলে সম্ভ্ৰান্ত বুলি ধৰি লৈ আদৰ কৰিব লগা হয়৷ কিয়নো কেনেবাকৈ কোনোবাজনৰ বিৰুদ্ধে নাৰাজ হলে টিভি চাব নিদিব পাৰে৷ সময়ে সময়ে গাঁওখনৰ লোকসকলে ঘৰৰ আম-কঁঠাল, দোকানৰ পৰা খোৱা বস্তু কিনি আনি দিয়ে টিভি থকা পৰিয়লটোক। এক প্ৰকাৰ ভেটি দিয়ে টিভি চাবৰ বাবে৷ টিভিটো বেয়া হ'লে ভাল কৰিব অহা মানুহজনক ভগৱান যেন দেখে৷

টিভিটো ভাল কৰিবলৈ অহা মানুহজনক ভগৱান বুলি ভাবি আদৰ কৰে৷ যাৰ বাবে তেওঁ গাঁওখনৰ সকলোৰে চিনাকি৷ গাঁওখনৰ এগৰাকী যুৱতীয়ে মেকানিকৰ প্ৰেমতো পৰে৷ আটোম-টোকাৰিকৈ ৰখা টিভিটো এদিন নচলা হয়৷ সিদিনা যেন টোপনি নাই গাঁওখনৰ লোকসকলৰ৷ দুচিন্তাত পাৰ কৰে দিন৷

পুৱাই গাঁৱৰ আয়তীসকলে নাম প্ৰসংগ কৰি টিভিটো ভাল হোৱাৰ কামনা কৰে৷ হয়, এয়া আছিল তাহানিৰ জকাইচুকৰ একো একাখনৰ গাঁৱৰ জীয়া প্ৰতিচ্ছবি৷ নাটকৰ ৰূপত এই কাহিনীক পুনৰ বাস্তৱ কৰি তাহানিৰ সেই প্ৰতিচ্ছবিখনক নাটকৰ ৰূপত লিখি উলিয়াই ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ ছবি নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে৷

‘এখন গাঁৱত এটা টিভি আছিল’ নাটকৰ জৰিয়তে তাহানিৰ গাঁৱৰ প্ৰতিচ্ছবি দাঙি ধৰিছে দাসে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাটকখন মঞ্চস্থ কৰি সমাদৰ লাভ কৰিছে অভিনেতা, পৰিচালক, নাট্যকাৰ হিমাংশুৱে৷ এইবাৰ নাটখন মঞ্চস্থ হ’ব কামৰূপৰ ৰঙিয়াত৷ ৰঙিয়াৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান নটৰাজ নাট্য গোষ্ঠীৰ কলা-কুশলী, অভিনেতাই অহা ১২ ছেপ্তেম্বৰত ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত নাটখন মঞ্চস্থ কৰিব৷

অহা ১২ ছেপ্তেম্বৰত অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ মৃত্যু বাৰ্ষিকী পালন কৰিব নটাৰাজ নাট্য গোষ্ঠীয়ে৷ ব্ৰজনাথ শৰ্মাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মঞ্চস্থ কৰা হ’ব ‘এখন গাঁৱত এটা টিভি আছিল’ নাটখন৷ ইতিমধ্যে নাটখনৰ আখৰা ব্যাপক ৰূপত চলা বুলি জানিবলৈ দিছে নটৰাজ নাট্য গোষ্ঠীয়ে৷