নতুন দিল্লীঃ ছুইজাৰলেণ্ডৰ বেংকত অঘোষিত একাউণ্ট থকা ভাৰতীয়ৰ বিৰুদ্ধে দুয়োখন দেশৰ চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে। ছুইজাৰলেণ্ডে এই সন্দৰ্ভত অন্ততঃ ৫০ ভাৰতীয় লোকৰ বেংক সম্বন্ধীয় তথ্য ভাৰতক দাখিল কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰত অধিকসংখ্যক মাটি–সম্পত্তি, বিত্তীয় সেৱা, প্ৰযুক্তি, দূৰসংযোগ, ঘৰুৱা সাজ–সজ্জা, কাপোৰ, অভিযান্ত্ৰিক সামগ্ৰী আৰু কোম্পানী অন্তৰ্ভুক্ত হৈ আছে।
ছুইজাৰলেণ্ডে শেহতীয়াকৈ কেইবাখনো দেশৰ সৈতে তথ্য আদান–প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিগত কেইটামান সপ্তাহত ভাৰত সম্বন্ধীয় তথ্যৰ আদান–প্ৰদানৰ প্ৰক্ৰিয়াই অধিক গতি লাভ কৰিছে। ছুইজাৰলেণ্ডৰ বিষয়াই মাৰ্চৰ পৰা এতিয়ালৈকে প্ৰায় ৫০ ভাৰতীয় একাউণ্টধাৰীলৈ জাননী জাৰি কৰি তেওঁলোকৰ তথ্য ভাৰত চৰকাৰক প্ৰদানৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে আবেদন কৰাৰ অন্তিম সুবিধা প্ৰদান কৰিছে।