49
ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত ৱানচ-ইন-এ-ব্লু-মুন দেখা যাব ৩১ জানুৱাৰীৰ আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠিব।
এই বিৰল পৰিঘটনা প্ৰথমেই দেখিবলৈ পাব উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে। কিয়নো দেশৰ অন্য অঞ্চলতকৈ আগতেই জোনটো ওলাব উত্তৰ-পূৱত। আবেলি ৪.২১ বজাৰ পৰা ৫.১৮ বজাৰ ভিতৰত দেখা পাব অসমবাসীয়ে এই বিৰল পৰিঘটনা। গুৱাহাটীবাসীয়ে সন্ধ্যা ৪.৫৬ বজাত দেখিবলৈ পাব এই বিৰল তেজৰঙী জোন।