কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ বিশাল পথাৰত কাইলৈ দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ'ব ১৫সংখ্যক বড়োলেণ্ড দিৱস ৷ উল্লেখ্য যে আজিৰ পৰা ১৫ বছৰ পূৰ্বে অৰ্থাৎ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰাক্তন বিএলটি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো চুক্তি মৰ্মে বিটিচি গঠন হৈছিল ৷ ইয়াৰ পিছৰে পৰাই বিটিচি প্ৰশাসনে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰি আহিছে ৷

বিটিচি সচিবালয়ৰ বিশাল পথাৰত অইনবাৰৰ দৰেই এইবাৰো হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত উদযাপিত হ'বলগীয়া বডোলেণ্ড দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ উদযাপনস্থলীত প্ৰায় পঞ্চাশ হাজাৰ লোক একেলগে বহিব পৰাকৈ সুবিশাল পেণ্ডেল নিৰ্মাণ কৰা হৈছে ৷

বড়োলেণ্ড দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে৷ আনহাতে আয়োজক সমিতিৰ সভাপতি তথা বিটিচি কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে সদৰী কৰা মতে কাইলৈ অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত উদযাপিত হ'বলগীয়া বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত  বিটিএডিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পঞ্চাশ হাজাৰোধিক লোকে অংশ গ্ৰহণ কৰিব৷

এইবাৰ বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰ বিপৰীতে অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত, বনমন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী আৰু বিটিএডিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

একেদৰে বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে আয়োজক সমিতিয়ে ৷ উল্লেখ্য যে কাইলৈ উদযাপিত হ'বলগীয়া বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী অনুযায়ী পুৱা ৬ বজাত প্ৰভাত ফেৰী, ৮ বজাত শ্বহীদ তৰ্পন, পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৯-১৫ বজাত বিভিন্ন কলা-কৃষ্টি দলৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন আৰু ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব ৷

ইফালে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বড়োলেণ্ড দিৱস উদযাপন উপলক্ষে অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে বুলি সদৰী কৰিছে। নিৰাপত্তাৰ বাবে পৰ্যাপ্তসংখ্যক নিৰাপত্তাৰক্ষী জোৱান ইতিমধ্যে নিয়োগ কৰা হৈছে আৰু স্পৰ্শকাতৰ এলেকাবোৰত নিয়মীয়া টহলৰ ব্যৱস্থাও কৰা হৈছে বুলি উল্লেখ কৰি ভিভিআইপিকে ধৰি সাধাৰণ জনতাৰ নিৰাপত্তাৰ ওপৰতো তীক্ষ্ণ নজৰ ৰখা হ'ব বুলি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰিছে ।