Home ৰাজ্যবোকাজানত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল সন্তোষজনক

বোকাজানত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল সন্তোষজনক

by News Desk
55 views
A+A-
Reset

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ মান নিম্নগামী হৈ আহিছে, সেই সময়তে শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰীৰূপে খ্যাত বোকাজান নগৰৰ মাজ-মজিয়াস্থিত ঐতিহ্যমণ্ডিত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলে কিছু পৰিমাণে হ’লেও চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷

উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ষ্ট্ৰং ৰূম হিচাপে প্ৰতিবাৰেই ব্যৱহাৰ কৰি প্ৰায় দুই মাহতকৈ অধিক দিন বন্ধ ৰখাৰ লগতে বিদ্যালয়ৰ গৰম বন্ধ, বিভিন্ন চৰকাৰী বন্ধ, বিভিন্ন দল-সংগঠনে ঘোষণা কৰা জিলা তথা অসম বন্ধ, উগ্ৰপন্থীৰ বন্ধ আদিৰ মাজতে এইবাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা ফলাফলে বোকাজানৰ শৈক্ষিক পৰিৱেশত এক আশাৰ বতৰা হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0