প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ মান নিম্নগামী হৈ আহিছে, সেই সময়তে শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰীৰূপে খ্যাত বোকাজান নগৰৰ মাজ-মজিয়াস্থিত ঐতিহ্যমণ্ডিত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলে কিছু পৰিমাণে হ’লেও চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷

উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ষ্ট্ৰং ৰূম হিচাপে প্ৰতিবাৰেই ব্যৱহাৰ কৰি প্ৰায় দুই মাহতকৈ অধিক দিন বন্ধ ৰখাৰ লগতে বিদ্যালয়ৰ গৰম বন্ধ, বিভিন্ন চৰকাৰী বন্ধ, বিভিন্ন দল-সংগঠনে ঘোষণা কৰা জিলা তথা অসম বন্ধ, উগ্ৰপন্থীৰ বন্ধ আদিৰ মাজতে এইবাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা ফলাফলে বোকাজানৰ শৈক্ষিক পৰিৱেশত এক আশাৰ বতৰা হৈ পৰিছে৷

এইবাৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হল ৮৪.৬ শতাংশ৷ ইয়াৰে ২ গৰাকীয়ে প্ৰথম বিভাগ, ৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ 

ইয়াৰে নৱপল্লৱ শৰ্মা নামৰ ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত তিনিটা বিষয়ত লেটাৰমাৰ্কসহ ৮০.২ শতাংশ নম্বৰৰে ডিষ্টিংচন লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে প্ৰীতম মিঞ্জ নামৰ ছাত্ৰ গৰাকীয়ে দুটা বিষয়ত লেটাৰ মাৰ্কসহ ৭৬.২ শতাংশ নম্বৰৰে ষ্টাৰমাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷

আনহাতে এই বিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণ হাৰ হল ৫৭.১৪ শতাংশ৷ কলা শাখাত প্ৰথম বিভাগত ৩ গৰাকী, দ্বিতীয় বিভাগত ৬ গৰাকী আৰু তৃতীয় বিভাগত ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ এই বিদ্যালয়ৰপৰা কলা শাখাত অৰিন্দম মহন্তই এটা বিষয়ত লেটাৰমাৰ্ক লৈ মুঠ ৩২৭ নম্বৰ, দীক্ষিতা ডেকাই এটা বিষয়ত লেটাৰমাৰ্ক লৈ মুঠ ৩৪২ নম্বৰ আৰু জুমি বেগমে দুটা বিষয়ত লেটাৰমাৰ্কসহ মুঠ ৩৬৩ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷

আনহাতে বোকাজানৰ আন এখন চৰকাৰী খণ্ডৰ বিদ্যালয় জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলো এইবাৰ সন্তোষজনক৷ বিদ্যালয়খনৰপৰা এইবাৰ কলা শাখাত ষ্টাৰমাৰ্কসহ ৮১ শতাংশ উত্তীৰ্ণ  হাৰ হোৱাৰ লগতে বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ হল ৯৯ শতাংশ৷