কাৰ্বি আংলং ব্যুৰোঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ বৰ্বৰ আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান নিহত হোৱাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ৷
উক্ত বৰ্বৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই বোকাজান মহকুমাৰ খটখটিত একাংশ স্থানীয় ৰাইজে অৱৰোধ কৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ প্ৰতিবাদকাৰীয়ে প্ৰায় এঘণ্টাৰো অধিক সময় পাকিস্তান মুৰ্দাবাদ, সিন্দুস্তান জিন্দাবাদ, ভাৰত মাতা কি জয় আদি শ্ল’গানেৰে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰাৰ লগতে পাকিস্তানক উচিত প্ৰত্যুত্তৰেৰে সন্ত্ৰাসবাদক নিঃশেষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় সেনাবাহিনীক কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ অহ্বান জনায়৷