মুম্বাইঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ৪২ জনকৈ ভাৰতীয় জোৱানৰ ছহিদত দেশবাসী বৰ্তমানলৈকে মৰ্মাহত৷ বৰ্তমানলৈকে দেশবাসীয়ে পাহৰিব নোৱাৰা এই কাণ্ডক লৈ পাকিস্তানৰ ওপৰত সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে৷

আনহাতে, বলিউড জগতৰলোকে নিহত জোৱানসকলৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য আগবঢ়ায়৷ এনে সময়তে জনতাই আন্দোলন কৰে পাকিস্তানী বলিউড শিল্পীসকলৰ বিৰুদ্ধে৷ অৰ্থাৎ পাকিস্তানী কোনো শিল্পী নতুবা তাৰকাক বলিউডত কাম কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদ সাব্যস্ত কৰে জনসাধাৰণে৷

লগতে ফেডাৰেছন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িছে পাকিস্তানী শিল্পী সকলক বলিউডত কাম কৰাৰ পৰা বাধ্য-বাধকতা জাৰি কৰে৷  যদি কোনোৱে বলিউড ছবিত পাকিস্তানী তাৰকা আৰু শিল্পীক লোৱাৰ সাহস কৰে তেন্তে তেওঁৰ প্ৰতিও এক বিহিত ব্যৱস্থা প্ৰদান কৰা হ’ব বুলি সংস্থাটোৱে ঘোষণা কৰি এই বিষয়ত মোহৰ লগায়৷

ফেডাৰেছন সংস্থাটোৱে দেশৰ বাবে সকলো কৰিব পাৰি বুলি কৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷ আৰু ইয়াক যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে সংস্থাটোৰ পত্ৰত সাধাৰণ সম্পাদক ৰৌনক সুৰেশ জৈনে স্বাক্ষৰ কৰা পৰিলক্ষিত হয়৷ য’ত ভাৰতীয় বলিউড জগতত পাকিস্তানী কোনো শিল্পী, তাৰকাক দেখা পোৱা নাযাব৷

আনহাতে, জোৱানসকলৰ পৰিয়ালৰ বৰ্গলৈ বলিউডৰ তাৰকা অমিতাভ বচ্চন, অক্ষয় কুমাৰ, ছলমান খানৰ লগতে বহুলোকে সহায়ৰ হাত আগবঢ়ায়৷ ফেডাৰেছনে তেওঁলোকৰ এই কামক লৈ যথেষ্ট প্ৰশংসা কৰিছে৷