কাৰ্বি আংলংঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাজান মহকুমাৰ কয়লামাটি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমলৈ EVM আনি থকা অৱস্থাত সংঘটিত হয় এক ভয়কৰ পথ দুৰ্ঘটনা। 

দুৰ্ঘটনাত পতিত হয় আৰক্ষীৰ বাহন। দ' খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰক্ষীৰ বাহনখন। আৰক্ষীৰ ১৫ নং খণ্ড বিষয়া এএছআই হিৰেন শইকীয়াসহ আন তিনিজন আৰক্ষী জোৱান ক্ৰমে বাণীকান্ত মেধি, সুভাষ ৰাভা আৰু বিশ্বজিত দৈমাৰী তথা গাড়ী চালক সূৰ্যপ্ৰসাদ হাজৰিকা দুৰ্ঘটনাত আহত হয়৷

দুৰ্ঘটনাত পতিত আৰক্ষীৰ দলটোক বোকাজান অসামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰা হয় যদিও গুৰুতৰভাৱে আহত সূৰ্য প্ৰসাদ হাজৰিকা (গাড়ীচালক) আৰু সুভাষ ৰাভা (বেটেলিয়ান)ক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়৷

VMৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।