খৈৰাবাৰীঃ বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত পানেৰী, ওদালগুৰি, কলাইগাঁও আৰু মাজবাট সমষ্টিত শান্তিপূৰ্ণভাৱে হৈ যায় যদিও খৈৰাবাৰীৰ গুৰিহাটী, চেলাইমাৰী, বামাৰী,আৰগাঁও, ভেৰগাঁও আদি বহুকেইটা EVM বিকল হোৱা বাবে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়৷

৬৪ নং পানেৰী বিধান সভা সমষ্টিৰ উত্তৰ ডিমাকুচি এলপি স্কুুলৰ ভোট কেন্দ্ৰটো ভোটাৰ ৰাইজে গম নপোৱাকৈ হঠাৎ ৩ নম্বৰ ডিমাকুছিলৈ স্থানান্তৰ কৰাত ক্ষুব্ধ ৰাইজ ভোট বৰ্জন কৰে৷ ৫ শতাধিক ভোটাৰ ৰাইজে ওলাই আহি ভোট বৰ্জন কৰে আৰু পূৰ্বৰ ভোট কেন্দ্ৰতে ভোটগ্ৰহণ বাহাল ৰাখিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায়৷

পানেৰী সমষ্টিত ৭৫ শতাংশ, ওদালগুৰি সমষ্টিত ৭৪ শতাংশ আৰু মাজবাট সমষ্টিত ৭৩ শতাংশ ভোটদান হয়৷