কাকপথাৰঃ ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে।

ৰাতি বিহু হ’ল, গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়।

এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভংগীত শালীনতাবোধ আছে। বিহু মেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি ক’ব পাৰি। মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু সংস্কৃতি "ৰাতি বিহু" অহা ২০ এপ্ৰিলত ৰাজহুৱাভাৱে কাকপথাৰ ৰাজহুৱা খেলপথাৰত উদযাপন কৰিবলৈ লৈছে। 

অসম মৰাণ সভাৰ কাকপথাৰ, টঙনা আঞ্চলিক সমিতি আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ  আঞ্চলিক সমিতিৰ লগতে মৰাণ মহিলা পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক, লেকাং আঞ্চলিক সমিতি তথা কাকপথাৰবাসী ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক ৰাতি বিহুখনি দিনযোৰা কাৰ্যসূচীৰে কাকপথাৰত উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাতি বিহুখনি পৰিচালনাৰ বাবে সুখীধৰ দহোতীয়াক সভাপতি আৰু ভাৰ্ণৱ মৰাণৰ লগতে শোভিত মৰাণক যুটীয়া সম্পাদক হিচাপে লৈ এখনি পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰিছে। অহা ২০ এপ্ৰিলত উদযাপন কৰিবলৈ লোৱা ৰাতি বিহুৰ উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে যে পুৱা ১০ বজাত উদ্যোক্তা সংগঠনসমূহৰ সভাপতিৰদ্বাৰা পতাকা উত্তোলনৰ পাছতে কেওঁটা সংগঠনৰ সাধাৰণ সম্পাদকে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰিব।

ইয়াৰ পাছতে সন্ধিয়া পৰম্পৰাত ঢাল কড়ি খেলৰ শুভ উদ্ধোধন কৰিব মৰাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ বিৰিঞ্চি নেওগে। ক্ৰমাগতভাৱে বিহুঘৰ আৰু বিহুতলী মুকলি কৰিব তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াই।

সন্ধিয়া ৭-৩০ বজাৰপৰা প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰদ্বাৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাব। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই আনুস্থানিকভাৱে "ৰাতি বিহু"খনি উদ্ধোধন কৰাৰ লগতে উক্ত অনুস্থানত উপস্থিত থাকিব উদ্যোগী তথা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ আয়োজক শ্যাম কানু মহন্ত, বিহু সুৰক্ষা সমিতিৰ অসমৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি বিশ্বজনীন দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ড০ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী তথা এপিএলৰ অধ্যক্ষ জগদীশ ভূঞাৰ লগতে মৰাণ জনজাতিৰ কেওটা সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব।

এই ৰাতি বিহুখনিত বিশেষভাৱে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।