50
কাৰ্বি আংলঃ বোকাজানত সীমা গগৈ সোঁৱৰণী পুৰুষৰ দ্বৈত প্ৰথম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হয়। বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত আৰু বোকাজান মহাবিদ্যালয়ৰ সহযোগত বোকাজান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আৰম্ভনিতে অতিথি চিনাকী পৰ্বৰ লগতে ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰয়াত সীমা গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় ৷
