ডিজিটেল ডেস্কঃ বলিউডৰ চেলিব্ৰেটিৰ অত্যাচাৰৰ বলি বন কৰা মহিলা৷ চেলিব্ৰেটিৰ অত্যাচাৰত আধাতে কাম এৰিছে বন কৰা মহিলাসকলে৷ "Bookmybai" নামৰ এক প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই তথ্য৷

উক্ত প্ৰতিষ্ঠানটোৱে অনলাইনৰ জৰিয়তে কাম কৰা মহিলা যোগান ধৰে প্ৰয়োজনীয় লোকক৷ কিন্তু শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক অনুপম সিনহালে তেঁওৰ প্ৰতিষ্ঠানত বলিউডৰ শিল্পীসকলক নিষিদ্ধ কৰা বুলি প্ৰকাশ কৰিছে৷

সঞ্চালকগৰাকীয়ে উল্লেখ কৰিছে যে কেইবাগৰাকীও বন কৰা মহিলাই  কাম কৰা গৃহসমুহত সন্মুখীন হোৱা অত্যাচাৰৰ কথা অৱগত কৰিছে প্ৰতিষ্ঠানটোত৷ কাম কৰা মহিলাৰ ওপৰত শাৰিৰীক অত্যাচাৰ যেন দৈনন্দিন ঘটনা স্বৰূপে পৰিগণিত হৈছে এইসকল শিল্পীৰ বাবে৷

উল্লেখযোগ্য যে "Bookmybai" প্ৰতিষ্ঠানটোৱে বলিউডৰ ২০ গৰাকী শিল্পীক সেৱা আগবঢ়াই আহিছে৷ কিন্তু শেহতীয়াকৈ বৃদ্ধি হোৱা হিংসাৰ ঘটনাৰ বাবেই বলিউডক সেৱা আগ নবঢ়োৱাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে৷