ডিজিটেল ডেস্কঃ মুম্বাইৰ বস্তি অঞ্চলত শৌচাগাৰ নিৰ্মাণ কৰিলে বলিউডৰ পৰিচালক ৰাকেশ ওম প্ৰকাশ মেহৰাই৷ বিগত ৪ বছৰৰ পৰা মুম্বাইৰ বস্তি অঞ্চলত প্ৰায় ৮০০ শৌচাগাৰ নিৰ্মাণ কৰিলে পৰিচালক গৰাকীয়ে৷

মহাত্মা গান্ধীৰ আদৰ্শ শৌচাগাৰ আৰ্হিৰ পৰা অনুপ্ৰাণিত হৈ পৰিচালক গৰাকীয়ে নিৰ্মান কৰিছে শৌচাগাৰসমুহ৷ তদুপৰি বস্তি অঞ্চলৰ লোকসকলৰ মাজত অনাময় সম্পৰ্কে সচেতনতা বঢ়াবলৈও এটা এনজিঅ’ৰ সৈতে জড়িত হৈ বিভিন্ন কাৰ্যসুচী হাতত লৈছে পৰিচালকগৰাকীয়ে৷

ভাগ মিলখা ভাগ, ৰংগ দে বসন্তী, দিল্লী ৬ ৰ দৰে অনুপ্ৰেৰণাদায়ক চলচিত্ৰৰ পৰিচালক এই ৰাকেশ ওম প্ৰকাশ মেহৰা৷