64
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সংঘৰ্ষজৰ্জৰ বেলুচিস্তানত সংসদৰ উপাধ্যক্ষৰ কনভয়ত সন্ত্ৰাসবাদীয়ে ঘটোৱা এক বিস্ফোৰণত অতিকমেও ২৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিবপৰা গৈছে। অঞ্চলটোৰ মাষ্টাং চহৰত হোৱা এই বিস্ফোৰণত অতিকমেও ৩৫ জন লোক আহত হৈছে।
শুকুৰবাৰে পিছবেলা ঘটা এই ঘটনাত উপাধ্যক্ষ আব্দুল গফুৰ হাইদৰে জনোৱামতে সন্ত্ৰাসবাদীয়ে তেঁওক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটাইছিল যদিও কথমপি ৰক্ষা পৰে সাংসদজন।