111
গোৰেশ্বৰঃ গ্ৰন্থ হল আমাৰ ভৱিষ্যত জীৱনৰ মূল চাবিকাঠি। কাৰন গ্ৰন্থ অধ্যয়নৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰিব পাৰো আৰু সেই জ্ঞানেই আমাক ভৱিষ্যতত সফল নাগৰিক নতুবা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সাহস যোগায়৷
বৰ্তমান ম’বাইল আৰু কম্পিউটাৰৰ যুগত যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত এক প্ৰকাৰ চিন্তিত হৈ পৰিছে সচেতন মহল৷ তাৰ মাজতে বাক্সা জিলাৰ গোৰেশ্বৰত ২২, ২৩ আৰু ২৪ জানুৱাৰীত “কস্তুৰী” ৰ উদ্যোগত গোৰেশ্বৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব।