newsnextone.com | নগাঁওঃ সমাজ জীৱনৰ বিভিন্ন ঘটনা প্ৰবাহ, ভিন্ন স্বাদৰ গল্পৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ যোৱা, বিশিষ্ট নগঁঞা লিখক প্ৰয়াত ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’ শনিবাৰে নগাঁৱৰ কলংপাৰৰ কমলাদেৱী টোডী স্মৃতি ভৱনত উন্মোচন কৰা হয়।
গ্ৰাম্ভীৰ্যপূণ অনুষ্ঠানত কবি, সুবক্তা ড০ নন্দসিং বৰকলা আৰু কবিতা ৰাণী সিঙে সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক সমালোচক ড০ প্ৰভাত বৰাই কয় যে ৰুদ্ৰ প্ৰসাদ কাকতি আছিল ৰামধেনু যুগৰ এগৰাকী অন্যতম গল্পকাৰ ৷