newsnextone.com | গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাৰ জীৱনৰ ভিত্তিত ৰচিত কিশোৰী মোহন পাঠকৰ ‘মথুৰাপুৰীৰ বুঢ়া আতা’ নামৰ মঞ্চ নাটক খনিৰ উন্মোচন হৈ যায়। গ্ৰন্থ খনিৰ উন্মোচন কৰে কণ্ঠশিল্পী বিদ্যাসাগৰে। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ সভাপতিত্বত আয়োজিত গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ময়ূৰ বৰা।
উন্মোচনী অনুষ্ঠানত উন্মোচক বিদ্যা সাগৰে ভাষণ প্ৰসংগত অসমীয়া কলা-কৃষ্টি আৰু মথুৰাদাস বুঢ়া আতাৰ ১৫১ বছৰীয়া জীৱনৰ বিষয়ে আলোকপাত কৰে। বিশিষ্ট সাহিত্যিক ময়ূৰ বৰাই নিজৰ ভাষণত অসমীয়া স্বাভিমান আৰু অসমীয়া ইতিহাসৰ বিষয়ে চিন্তাত্মক মন্তব্য আগবঢ়াই কয় যে, যি সকল অসমীয়াই অসমীয়া ভাষা সাহিত্য তথা ইতিহাসৰ বিষয়ে নাজানে, তেনে লোকে নিজকে অসমীয়া বুলি কোৱাৰ যোগ্যতা নাই।